maintenance_icon

Maintenance Notice : To improve your experience, our website will undergo maintenance for 10 Hours on 18th Feb 2026 from 10:00 AM to 08:00 PM IST.

Back to Assamese Language Pack Assamese Language Pack
Transcend Store Loader Image
Thumbnail Image of কৃষ্ণভাৱনামৃত এক অনুপম উপহাৰ

কৃষ্ণভাৱনামৃত এক অনুপম উপহাৰ (Krushna Bhabonamruta Ek Anupam Upahar)

Author: কৃষ্ণকৃপামূর্তি শ্রীল অভয়চৰণাৰবিন্দ ভক্তিবেদান্ত স্বামী প্রভুপাদ

Description

যিসকলে এনেদৰে শ্ৰীকৃষ্ণৰ দৰ্শন লাভ কৰে, তেওঁলোক উদ্বিগ্ন নহয়, কাৰণ, মৃত্যুৰ পিছত ক’লৈ যাব লাগিব সেই বিষয়ে তেওঁলোকে জানে। যিজনে কৃষ্ণভাৱনামৃতৰ উপহাৰ গ্ৰহণ কৰিছে, তেওঁ জানে যে তেওঁ মৃত্যুৰ পিছত আন এটা শৰীৰ লৈ আকৌ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে, বৰঞ্চ কৃষ্ণৰ ওচৰলৈহে যাব। কৃষ্ণৰ দৰে এটা নিত্য, জ্ঞানময় আৰু আনন্দময় অর্থাৎ সচ্চিদানন্দ শৰীৰ লাভ নকৰালৈকে কৃষ্ণলোকলৈ উভতি যোৱাটো সম্ভৱ নহয়। নিজে অগ্নি নহ’লে কোনেও অগ্নিৰ ভিতৰত সোমাই বিনাশপ্রাপ্ত নোহোৱাকৈ থাকিব নোৱাৰে, তেনেদৰে এটা চিন্ময় শৰীৰ প্ৰাপ্ত নহ’লে কোনেও চিন্ময় জগতত প্ৰৱেশ কৰিব নোৱাৰে। চিন্ময় শৰীৰ প্ৰাপ্ত হ’লে গোপী বা গৰখীয়া ল’ৰাবোৰৰ দৰে শ্ৰীকৃষ্ণৰ সৈতে একেলগে ৰাস নৃত্য কৰিব পাৰে। এই নৃত্য সাধাৰণ স্তৰৰ নৃত্য নহয়, বৰং পৰমেশ্বৰ ভগৱানৰ সান্নিধ্যত কৰা অপ্রাকৃত আৰু শাশ্বত নৃত্য। যিসকল কৃষ্ণপ্ৰেমত নির্মল হৈছে কেৱল তেওঁলোকেহে এই নৃত্যত ভাগ ল’ব পাৰে। সেয়েহে এই কৃষ্ণভাৱনামৃত অনুশীলন কৰাৰ পদ্ধতিক কিবা এক সুলভ বস্তু বুলি গণ্য কৰিব নালাগে, বৰং দুর্দশাগ্রস্ত মানৱ জাতিৰ উদ্দেশ্যে ভগৱানৰ এক অনুপম উপহাৰ বুলি গণ্য কৰিব লাগে। কেৱল মাত্র এই পদ্ধতিৰ অনুশীলন কৰাৰ জৰিয়তেই বাস্তৱতে মৃত্যুক কেন্দ্ৰ কৰি উৎপন্ন হোৱা জীৱনৰ সকলো ভয় আৰু উদ্বেগৰ উপশম ঘটাব পাৰি।

Sample Audio

Copyright © 1972, 2022 BHAKTIVEDANTA BOOK TRUST (E 5032)
Your IP Address: 216.73.216.180 Server IP Address: 169.254.130.4